আকাশৰ মাজত মই
নীলা চাদৰৰ বিশাল কোলাত
মই যেন এটি সৰু তৰা,
হেজাৰ সপোনৰ ৰং ছটিয়াই
সাৱটি লওঁ এই ধৰা।
উৰি যোৱা মেঘৰ আঁচলত ধৰি
খোজ দিওঁ মই অজান দেশত,
বতাহৰ বাঁহীত সুৰ এটা হৈ
মিলি যাওঁ মই আকাশৰ শেষত।
জোনাকৰ হাতত হাত থৈ মই
আঁকো সপোনৰ আল্পনা,
মৌনতাৰ মাজত বিচাৰি পাওঁ
অসীমৰ যি গভীৰ চেতনা।
মুক্ত মই, বিয়পি আছোঁ
দিগন্তৰ পৰা দিগন্তলৈ,
আকাশৰ বুকুত মই এটি পখী
যাওঁ মাথোঁ পাখি মেলি উৰি গৈ।
© মাইনা গাম
