Breaking News

আকাশৰ মাজত মই

 



​নীলা চাদৰৰ বিশাল কোলাত

মই যেন এটি সৰু তৰা,

হেজাৰ সপোনৰ ৰং ছটিয়াই

সাৱটি লওঁ এই ধৰা।

​উৰি যোৱা মেঘৰ আঁচলত ধৰি

খোজ দিওঁ মই অজান দেশত,

বতাহৰ বাঁহীত সুৰ এটা হৈ

মিলি যাওঁ মই আকাশৰ শেষত।

​জোনাকৰ হাতত হাত থৈ মই

আঁকো সপোনৰ আল্পনা,

মৌনতাৰ মাজত বিচাৰি পাওঁ

অসীমৰ যি গভীৰ চেতনা।

​মুক্ত মই, বিয়পি আছোঁ

দিগন্তৰ পৰা দিগন্তলৈ,

আকাশৰ বুকুত মই এটি পখী

যাওঁ মাথোঁ পাখি মেলি উৰি গৈ।


© মাইনা গাম