নাহৰৰ সুবাস
বসন্তৰ ৰঙীন চোতালত,
থিয় হৈ আছা তুমি—
নাহৰ!
সেউজীয়া পাতৰ আঁৰে আঁৰে
এটি চিনাকি হাঁহি।
তোমাৰ কোমল কলিটিৰ মাজত
কিমান যে অভিমান লুকাই থাকে,
ৰূপালী পাহিৰ শুভ্ৰতাত
যেন একো একোটি পবিত্ৰ সপোন জাগে।
বৰষুণৰ টোপালবোৰে যেতিয়া
তোমাৰ গাত আলফুলে চুমা আঁকে,
কেঁচা মাটিৰ গোন্ধৰ সৈতে
নাহৰৰ সুবাসে চৌপাশ আমোলমোলাই ৰাখে।
ৰঙা ৰঙা কুঁহি পাতৰ মেলাত,
তুমি যে অৰণ্যৰ এক নিৰৱ কবি;
প্ৰতিটো ঋতুৰ বুকুত তুমি আঁকি যোৱা
এটি অপূৰ্ব ৰূপৰ ছবি।
-মাইনা গাম
