অনুভৱৰ দাপোণত
অনুভৱৰ দাপোণত
প্ৰেম মানে মাথোঁ এটি শব্দ নহয়,
ই এক নিৰৱ ভাষা,
হৃদয়ৰ নিভৃত কোণত বাজি থকা
এটি মিঠা সুৰৰ আশা।
শব্দতকৈ মৌনতা য’ত বেছি গভীৰ,
চকুৰ পলকতে য’ত হেজাৰ কথা কয়,
প্ৰেম মানে এটি নিৰৱ পলৰ অনুভৱ,
যিয়ে চুই যায় আত্মাৰ পৰিচয়।
দুখৰ নিশা এটি উমাল পোহৰ,
সুখৰ দিনত এটি শীতল ছাঁ,
প্ৰেম মানে দুখন হৃদয়ৰ মিলন,
য’ত নাই কোনো বিনিময়ৰ আশ।
সাগৰৰ গভীৰতাতকৈও আচৰিত,
আকাশৰ বিশালতাতকৈও বিশাল,
প্ৰেম মানে সেই অনুভৱৰ নাম,
যিয়ে জীৱনটোক কৰে চিৰকাললৈ সুন্দৰ আৰু নিৰ্মল।
©™ মাইনা গাম
