Breaking News

অন্ধকাৰৰ বন্তি

 

অন্ধকাৰৰ বন্তি



​এগচি বন্তি জ্বলাই আজি মই

অকলশৰে কান্দি উঠিছোঁ,

চকুৰ পানীৰে নিশাৰ মৌনতাক

নিশব্দে সাৱটি ধৰিছোঁ।

​যি জীৱনক এদিন বুকুত বান্ধিছিলোঁ,

তাৰ পৰা আজি বিচাৰিছোঁ মুক্তি,

তুমি দিয়া সেই ত্যাগৰ যন্ত্ৰণাত

হেৰাই গ’ল মোৰ সকলো শক্তি।

​তুমি আলকুসা— মোৰ মৰমৰ নে বিষাদৰ?

আজি সেই উত্তৰ বিচাৰি ক্লান্ত মই,

অন্ধকাৰৰ এই কৰুণ শিখাত

খুজিছোঁ মাথোঁ অলপ শান্তিৰ আশ্ৰয়।

​নিমিষতে শেষ হয় যেন এই চকুলো,

নিমিষতে মচ খাই যাওক সকলো স্মৃতি,

বন্তিৰ পোহৰত ছাঁ হৈ ৰৈ যাওক

মোৰ জীৱন ত্যাগৰ এই শেষ গীতি।


©™ মাইনা গাম