অন্ধকাৰৰ বন্তি
অন্ধকাৰৰ বন্তি
এগচি বন্তি জ্বলাই আজি মই
অকলশৰে কান্দি উঠিছোঁ,
চকুৰ পানীৰে নিশাৰ মৌনতাক
নিশব্দে সাৱটি ধৰিছোঁ।
যি জীৱনক এদিন বুকুত বান্ধিছিলোঁ,
তাৰ পৰা আজি বিচাৰিছোঁ মুক্তি,
তুমি দিয়া সেই ত্যাগৰ যন্ত্ৰণাত
হেৰাই গ’ল মোৰ সকলো শক্তি।
তুমি আলকুসা— মোৰ মৰমৰ নে বিষাদৰ?
আজি সেই উত্তৰ বিচাৰি ক্লান্ত মই,
অন্ধকাৰৰ এই কৰুণ শিখাত
খুজিছোঁ মাথোঁ অলপ শান্তিৰ আশ্ৰয়।
নিমিষতে শেষ হয় যেন এই চকুলো,
নিমিষতে মচ খাই যাওক সকলো স্মৃতি,
বন্তিৰ পোহৰত ছাঁ হৈ ৰৈ যাওক
মোৰ জীৱন ত্যাগৰ এই শেষ গীতি।
©™ মাইনা গাম
