সময়ৰ খেল
সময়ৰ খেল
সময় নদীৰ অবিৰাম ধাৰা,
ৰৈ নাথাকে কাৰো বাবে—
প্ৰতিটো পল, প্ৰতিটো ক্ষণ
অজানিতে অতীত হৈ পৰে।
এফালে জীৱনৰ ৰঙীন মেলা,
হাঁহি-কান্দোনৰ অঁকোৱা-পঁকোৱা পথ;
আনফালে মৃত্যুৰ নিস্তব্ধ ছাঁ,
য’ত শেষ হয় সকলো ৰথ।
জীৱন এক চুটি অভিনয়,
মৰুভূমিত বিচাৰি ফুৰা এটি মৰীচিকা;
আজি যাৰ হাতত বিজয়ৰ মাল্য,
কাইলৈ তেওঁৱেই ধূলিৰ এটি কণা।
মৃত্যু নহয় কোনো শেষ পৰিণতি,
সিটো মাথো এক জিৰণিৰ ঠাই;
গতিশীল সময়ৰ বুকুত বিলীন হৈ
আকৌ নতুন প্ৰাণৰ অংকুৰণ হয়।
"জীৱনটো এটা অজান যাত্ৰা, য’ত মৃত্যুৱে কেৱল এক মোৰ দিয়ে, কিন্তু সময়ৰ চকাটো সদায় ঘূৰিয়েই থাকে।"
©™ মাইনা গাম
