Breaking News

সময়ৰ খেল

 

সময়ৰ খেল


সময় নদীৰ অবিৰাম ধাৰা,

ৰৈ নাথাকে কাৰো বাবে—

প্ৰতিটো পল, প্ৰতিটো ক্ষণ

অজানিতে অতীত হৈ পৰে।

​এফালে জীৱনৰ ৰঙীন মেলা,

হাঁহি-কান্দোনৰ অঁকোৱা-পঁকোৱা পথ;

আনফালে মৃত্যুৰ নিস্তব্ধ ছাঁ,

য’ত শেষ হয় সকলো ৰথ।

জীৱন এক চুটি অভিনয়,

মৰুভূমিত বিচাৰি ফুৰা এটি মৰীচিকা;

আজি যাৰ হাতত বিজয়ৰ মাল্য,

কাইলৈ তেওঁৱেই ধূলিৰ এটি কণা।

​মৃত্যু নহয় কোনো শেষ পৰিণতি,

সিটো মাথো এক জিৰণিৰ ঠাই;

গতিশীল সময়ৰ বুকুত বিলীন হৈ

আকৌ নতুন প্ৰাণৰ অংকুৰণ হয়।

​"জীৱনটো এটা অজান যাত্ৰা, য’ত মৃত্যুৱে কেৱল এক মোৰ দিয়ে, কিন্তু সময়ৰ চকাটো সদায় ঘূৰিয়েই থাকে।"


©™ মাইনা গাম