ষ্টেচনৰ সেই চিনাকি আলহী
ষ্টেচনৰ সেই চিনাকি আলহী
প্লেটফৰ্মৰ সেই হেতা-ওপৰা ভিৰৰ মাজত,
হঠাৎ থমকি ৰৈছিল মোৰ দুচকু—
যেতিয়া খিৰিকীৰ কাষত বহি থকা তোমাক দেখিছিলোঁ,
থমকি ৰৈছিল সময়, মৌন হৈছিল সকলো উচুপনি।
চিঞৰ-বাখৰ, ৰে'লৰ সেই যান্ত্ৰিক শব্দ,
সকলো যেন এক নিমিষতে নোহোৱা হৈ গ’ল;
কেৱল ৰৈ গ’ল তোমাৰ সেই দুচকুৰ গভীৰতা,
য’ত মই প্ৰথমবাৰৰ বাবে নিজকে বিচাৰি পাইছিলোঁ।
চাহৰ কাপৰ ধোঁৱাতকৈও উমাল আছিল তোমাৰ হাঁহিটো,
আৰু ৰে'লৰ হুইচেলতকৈও তীব্ৰ আছিল মোৰ বুকুৰ ধপধপনি;
ষ্টেচনৰ সেই বেঞ্চখন আজিও সাক্ষী হৈ আছে—
সেইদিনাই মই তোমাৰ প্ৰেমত সৰি পৰিছিলোঁ।
গাড়ীখন গুচি গ’ল, ৰৈ গ’ল কেৱল স্মৃতিৰ চেকুৰা,
আৰু মোৰ মনৰ ডবাত ৰৈ গ’ল তোমাৰ নামৰ এটা টিকট;
যি যাত্ৰাৰ কোনো শেষ নাই,
যি প্ৰেমৰ কেতিয়াও কোনো বিৰতি নাই।
©™ মাইনা গাম
