পইচাৰ মায়া
পইচাৰ মায়া
পইচাৰ মায়াত বন্দী আজি এই নিৰ্দয় পৃথিৱী,
মৰম-চেনেহবোৰ যেন ইয়াত একো একোটি মিছা ছবি।
য’ত তেজৰ সম্পৰ্কতকৈও ডাঙৰ কাগজৰ নোটৰ ভাঁজ,
হৃদয়ৰ অনুভৱবোৰ আজি তাত পিন্ধিছে মৌনতাৰ সাজ।
পকেট ভৰা থাকিলেহে বিচাৰি আহে হেজাৰ জন,
খালি হাতখন দেখিলে সকলোৱে কৰে মনটো উচাতন।
দুখীয়াৰ চকুলোৰ নাই কোনো মূল্য এই হাটত,
মানুহৰ বিবেক বিক্ৰী হয় আজি টকাৰ বিনিময়ত।
কাউৰীৰ দৰে ক্ৰন্দন কৰিও কোনোৱে নাপায় এমুঠি অন্ন,
আনফালে পইচাৰ পাহাৰত উৰিছে অহংকাৰৰ ধন্য।
হাঁহিবোৰো যেন কিনিব পাৰি বেংকৰ বেলেন্স চাই,
দুখবোৰ বুকুত কঢ়িয়াই ফুৰোঁ, যাৰ কোনো ক্ৰেতা নাই।
হে পৃথিৱী!
মায়া-মোহৰ এই জুইত সকলো হৈছে ছাঁই,
মানুহৰ মাজত আজি মাথো পইচা আছে,
কিন্তু আচল মানুহটোক বিচাৰি ক’তো পোৱা নাযায়।
©™ মাইনা গাম
