ভোগালীৰ ভোগজৰা / মাঘ বিহুৰ ওপৰত এটা কবিতা
ভোগালীৰ ভোগজৰা
পথাৰৰ সোণোৱালী ধান দাই শেষ হ’ল,
আঘোণৰ পথাৰখন উদং হৈ ৰ’ল।
পুহৰ কুঁৱলী ফালি মাঘ আহি পালে,
চোতালত ডেকা-গাভৰুৰ উছাহ বাঢ়িলে।
পথাৰৰ মাজত ওখকৈ সাজিছে ভেলাঘৰ,
পৰম্পৰা ৰাখি সাজিছে আকাশলঙ্ঘী মেজিৰ থৰ।
কাতিৰ কঙালী গ’ল, এতিয়া ভোগৰ দিন,
মাঘৰ জাৰতো যেন উমাল সকলোৰে মন-প্ৰাণ।
উৰুকাৰ নিশা লগে-ভাগে এসাজ খোৱাৰ হেঁপাহ,
মাছ-মাংসৰ তৰকাৰীৰ সুবাসে দিছে উশাহ।
পিঠা-পনাৰ মিঠে গন্ধে আমোলমোলাইছে ঘৰ,
তিলপিঠা, ঘিলাপিঠা— সোৱাদ যাৰ অতুলনীয় বৰ।
পুৱতি নিশা মেজিৰ জুইত অৰ্পিব মাহ-প্ৰসাদ,
অগ্নি দেৱতাক সেৱি বিচাৰিব আশীৰ্বাদ।
দন্দ-খৰিয়াল সকলো যেন জুইতে জাহ যায়,
সমন্বয়ৰ এনাজৰীৰে অসমীয়াৰ হৃদয় জুৰায়।
ভোগালীৰ এই উৎসৱে কঢ়িয়াই আনক প্ৰীতি,
চিৰকাল জিলিকি থাকক আমাৰ সাতামপুৰুষীয়া নীতি।
- মাইনা গাম
