Breaking News

চেনেহৰ গৰু বিহু

 


​ব'হাগৰ প্ৰথমটো দিন, চেনেহৰ গৰু বিহু

নৈৰ ঘাটত উখল-মাখল, আনন্দৰ নাই যে সীমা।

লাও-বেঙেনাৰ মালা পিন্ধাই, চেনেহৰ ডিঙিত আঁৰি

দিঘলতি-মাখিয়তীৰে কোবাই দিওঁ, আশীৰ্বাদৰ বাৰী।

"লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা..."

এই সুৰেৰে কঁপে আকাশ, গৰুৰ ডিঙিৰ তৰা।

মাহ-হালধিৰে গা ধুৱাই, মৰমৰ হাত ফুৰাওঁ

বছৰটোলৈ কুশলে থাকিবলৈ ঈশ্বৰক গোঁৱাওঁ।

​সেউজীয়া পথাৰত নতুন ঘাঁহৰ সুবাস

নতুন পঘাৰে শুৱাব গোহালিৰ প্ৰতিটো চুক।

বিহুৱানখনে কপাল চুই যাৱ চেনেহী আইজনীৰ

গৰু বিহুৱেই কঢ়িয়াই আনে সমৃদ্ধি আমাৰ পথাৰৰ।

​ক’লা ডাৱৰ ফালি যেন নামি আহে শান্তিৰ এনাজৰী

মানুহ-গৰুৰ এই মৰম থাকক চিৰকাললৈ ধৰি।

ব'হাগৰ বিহুৱে আনন্দ বিলাওক প্ৰতিজনৰে মনত

শুভ হওক গৰু বিহু, নতুন বছৰৰ এই ক্ষণত।


- মাইনা গাম