Breaking News

The Times Left Behind / এৰি থৈ অহা সময়

 

The Times Left Behind


Like a cold breeze, they return even today,

The scents of those days left far behind;

Dust may settle on the mirror of memories,

But their essence stays etched in the mind.

​The footsteps have wandered to distant lands,

Leaving only a veil of mist in their wake;

Those smiles, lost to the passing years,

Still pulse in the heart with a familiar ache.

​Addresses changed in the tide of time,

Every moment now a chapter of history;

Some stories remained half-written forever,

Some dreams collapsed into silent mystery.

​Yet, that old song lingers in the air,

And that afternoon on the path we knew;

In the warm touch of the times left behind,

The weary soul finds life anew.


©™Maina Gam


এৰি থৈ অহা সময়

​চেঁচা বতাহজাকৰ দৰে আজিও আহে,

এৰি থৈ অহা সেই দিনবোৰৰ সুবাস;

স্মৃতিৰ দাপোনত ধূলি জমে সঁচা,

কিন্তু মচা নহয় কেতিয়াও তাৰ আভাষ।

​খোজবোৰ আঁতৰি গ’ল বহু দূৰলৈ,

পিছলৈ চালে মাথোঁ কুঁৱলীৰ আচ্ছাদন;

চিৰকালৰ বাবে হেৰাই যোৱা সেই হাঁহিবোৰ,

আজিও বুকুত বাজে যেন চিনাকি স্পন্দন।

​সময়ৰ সোঁতত সলনি হ’ল ঠিকনা,

প্ৰতিটো পল যেন একো একোটা ইতিহাস;

কিছুমান কথা আধালেখা হৈয়ে ৰ’ল,

কিছুমান সপোনৰ হ’ল অকাল বিনাশ।

​তথাপিও ৰৈ যায় সেই পুৰণি গানটো,

আৰু সেই চিনাকি বাটৰ আবেলিটো;

এৰি থৈ অহা সময়ৰ উমাল স্পৰ্শত,

আজিও জীয়াই উঠে ভাগৰুৱা মনটো।