লুইতৰ সন্তান আমি
লুইতৰ সন্তান আমি
![]() |
| wikipedia |
লুইতৰ পলসুৱা বুকুৰ আলহী আমি,
চাংঘৰৰ খুটাত আমাৰ শিপা;
মিৰি-জীয়ৰীৰ তাঁতৰ শালত উখল-মাখল,
বয়নত জিলিকি উঠে 'মিবু-গালুগ'ৰ আভা।
আলি-আয়ে-লৃগাংৰ সেই পবিত্ৰ দিনত,
'গুমৰাগ'ৰ তালে তালে কঁপাই তোলোঁ ধৰা;
পঃৰাগৰ উলাহেৰে ভৰি পৰে চোতাল,
ঐনিতমৰ সুৰত বাজে আমাৰ মনৰ কথা।
সেউজীয়া পথাৰত শালি ধানৰ গোন্ধ,
ডঁৰিয়লিৰ বুকুৰ 'আপং'ৰ চহকী সোৱাদ;
প্ৰকৃতিৰ বুকুত আমাৰ জীৱনৰ ছন্দ,
মিচিং ডেকাৰ হাঁহিত বিৰিঙে প্ৰেমৰ সম্বাদ।
পাহাৰৰ পৰা নামি অহা লুইতৰ সুঁতি,
আমাৰেই তেজৰ দৰে বৈ যায় যুগ যুগান্তৰ;
ঐক্যৰ ডোলেৰে আমি বান্ধিছোঁ সমাজ,
আমি মিচিং— গৌৰৱময় বিশাল এক নামৰ।
©™ মাইনা গাম
