Breaking News

মাজনিশাৰ শ্বৰ্ট চাৰ্কিট / Ghost Story

এখন সৰু চহৰৰ পুৰণি ইলেকট্ৰিকেল ডিভিজন অফিচটোৰ  কাহিনী



মাজনিশাৰ শ্বৰ্ট চাৰ্কিট

​চহৰৰ একেবাৰে শেষৰ ফালে থকা সেই পুৰণি ইলেকট্ৰিকেল অফিচটোৰ পানী থকা দেৱালবোৰ আৰু শেলাই ধৰা চিৰিবোৰে দিনৰ পোহৰতো এটা আচহুৱা পৰিৱেশ সৃষ্টি কৰি ৰাখে। সেইদিনা আছিল বৰষুণজাকৰ পিছৰ এটা সেমেকা ৰাতি। অফিচৰ জুনিয়ৰ ইঞ্জিনিয়াৰ অৰ্ণৱে ফাইল কিছুমান শেষ কৰিবলৈ অলপ দেৰিলৈকে ৰৈ গৈছিল।

​গোটেই অফিচটোত কেৱল অৰ্ণৱ আৰু চকীদাৰ ধৰ্মেশ ককাই আছিল।

সেই আচহুৱা শব্দটো

​প্ৰায় ১১:৩০ মান বাজিছে। হঠাৎ বাহিৰৰ কৰিডৰত কোনোবাই গধুৰ জোতা পিন্ধি খোজ কঢ়াৰ শব্দ শুনা গ’ল। খোজবোৰ একেবাৰে মেকানিকেল— যেন কোনোবা এটা ৰবটহে খোজ কাঢ়িছে। অৰ্ণৱে ভাবিলে হয়তো ধৰ্মেশ ককাই ৰাউণ্ড দিবলৈ আহিছে।

​"ককাই, ইমান দেৰিলৈকে সাৰে আছে যে?" অৰ্ণৱে চিঞৰি সুধিলে।

​কিন্তু কোনো উত্তৰ নাহিল। তাৰ সলনি অফিচৰ মেইন চুইচবৰ্ডখনৰ পৰা এটা তীব্ৰ 'চট্-চট্' শব্দ ভাহি আহিল। যেন ক’ৰবাত ডাঙৰ শ্বৰ্ট চাৰ্কিটহে হৈছে! অৰ্ণৱে লৰালৰিকে টৰ্চটো লৈ মেইন হলটোলৈ ওলাই আহিল।

অন্ধকাৰৰ সেই দৃশ্য

​হলে সোমায়েই অৰ্ণৱ থমকি ৰ’ল। মেইন চুইচবৰ্ডৰ সন্মুখত এজন মানুহ থিয় হৈ আছিল। মানুহজনে অফিচৰ নীলা ৰঙৰ ইউনিফৰ্মটো পিন্ধি আছিল, যিটো আজিকালি কোনেও নিপিন্ধা হৈছে। আচৰিত কথাটো হ’ল, মানুহজনৰ গোটেই গাটোৰ পৰা সৰু সৰু নীলা বৈদ্যুতিক ফিৰিঙতি ওলাই আছিল।

​মানুহজনে পিঠি দি থিয় হৈ আছিল আৰু তেওঁৰ হাত দুখন চুইচবৰ্ডৰ মেইন লাইনটোৰ ওপৰত আছিল। কোনো এজন জীয়াই থকা মানুহে সেই হাই-ভল্টেজ লাইনটো খালী হাতেৰে স্পৰ্শ কৰাটো অসম্ভৱ।

​"হেৰি, কোন আপুনি? মৰি যাব যে!" অৰ্ণৱে কঁপাকঁপা মাতেৰে ক’লে।

​মানুহজনে লাহেকৈ মূৰটো ঘূৰালে। অৰ্ণৱৰ তেজ গোট মৰাৰ দৰে হ’ল। মানুহজনৰ চকু দুটা নাছিল, কেৱল দুটা ক’লা গাত আৰু সেই গাত দুটাৰ পৰাও সৰু সৰু বিদ্যুৎ প্ৰৱাহিত হৈ আছিল। তেওঁৰ মুখখন পকা কয়লাৰ দৰে ক’লা পৰা।

এক কৰুণ ইতিহাস

​ঠিক সেই সময়তে পিছফালৰ পৰা ধৰ্মেশ ককাই লৰি আহি অৰ্ণৱৰ হাতত থাপ মাৰি ধৰিলে। "অৰ্ণৱ বাবু, চাইন টো নোৱাৰিব! ঘৰলৈ ব’লক।"

​ককাই জোৰকৈ অৰ্ণৱক বাহিৰলৈ লৈ আহিল। পিছদিনা ধৰ্মেশ ককাই ক’লে যে ১৯৮০ চনত এই অফিচটোত এজন লাইনমেন আছিল, যাৰ নাম আছিল ৰমেন। এটা ডাঙৰ ধুমুহাৰ ৰাতি অফিচৰ চুইচবৰ্ড মেৰামতি কৰিবলৈ যাওঁতে তীব্ৰ বিদ্যুতৰ আঘাতত তেওঁৰ থিতাতে মৃত্যু হৈছিল। তেতিয়াৰ পৰাই হেনো প্ৰতিটো বৰষুণৰ ৰাতি ৰমেনক অফিচৰ ভিতৰত সেই চুইচবৰ্ডখন ঠিক কৰি থকা দেখা যায়।

​আজিও সেই অফিচটোৰ মেইন হলটোৰ সেই বিশেষ চুইচখন কোনেও স্পৰ্শ নকৰে, কাৰণ মানুহে কয়— সেইখন এতিয়াও ৰমেনেহে চলাই আছে।


©™ মাইনা গাম