কন্ট্ৰল ৰূমৰ সেই নিশা / Ghost Story
কন্ট্ৰল ৰূমৰ সেই নিশা
সেইদিনা আছিল এজাক ধাৰাসাৰ বৰষুণৰ নিশা। চহৰৰ পৰা অলপ আঁতৰত থকা পুৰণা বিদ্যুৎ উপ-কেন্দ্ৰটোৰ কন্ট্ৰল ৰূমত অভিজিতৰ নাইট ডিউটি আছিল। বাহিৰত বিজুলী-ঢেৰেকণি, আৰু ভিতৰত কেৱল ডাঙৰ ডাঙৰ ট্ৰেন্সফৰ্মাৰবোৰৰ একঘেয়ামী শব্দ।
ৰাতি ঠিক ১২:৩০ বাজিছে। হঠাৎ কন্ট্ৰল পেনেলৰ এটা ৰঙা লাইট জ্বলি উঠিল— চহৰৰ এটা বিশেষ লাইনত ত্ৰুটী দেখা দিছে। অভিজিতে মেচিনটো চেক কৰিবলৈ লওঁতেই অনুভৱ কৰিলে যেন কোনোবাই তাৰ পিছফালে থিয় হৈ আছে।
সি ঘূৰি চালে, কিন্তু কোনো নাই। কেৱল এটা সেমেকা গোন্ধ— যেন বৰষুণত তিতা মাটি আৰু বহুত দিনৰ পুৰণা কাপোৰৰ গোন্ধ। সি ভাবিলে চাগে তাৰ মনৰ ভুল। সি আকৌ কামত মন দিলে।
হঠাত, কন্ট্ৰল ৰূমৰ দৰজাখন জোৰকৈ খোল খাই গ’ল। বাহিৰৰ ঠাণ্ডা বতাহজাক সোমাই অহাৰ লগতে সি এক অদ্ভুত দৃশ্য দেখিলে। দৰজাৰ চুকত থিয় হৈ আছে এজনী সৰু ছোৱালী। তাইৰ পিন্ধনত এটা বগা ফ্রক, কিন্তু সেইটো বৰষুণত তিতা নাই, বৰঞ্চ ধূলিৰে ধূসৰ হৈ আছে। তাইৰ দীঘল চুলিবোৰে মুখখন ঢাকি ৰাখিছে।
অভিজিতে কঁপা মাতেৰে সুধিলে, "খুকী, তুমি এই মাজনিশা ইয়াত কি কৰিছা? ক’ত থকা তুমি?"
ছোৱালীজনীয়ে একো উত্তৰ নিদিলে। তাই লাহে লাহে কন্ট্ৰল ৰূমৰ হাই-ভল্টেজ চুইচবোৰৰ ফালে খোজ ল’লে। অভিজিতে চিঞৰি উঠিল, "অই নাযাবা! তাত হাত দিলে জুই লাগিব, তুমি মৰিবা!"
ছোৱালীজনী থমকি ৰ’ল। তাই লাহে লাহে মূৰটো ঘূৰালে। অভিজিতে দেখিলে তাইৰ চকু দুটা সম্পূৰ্ণ ক’লা, কোনো মণি নাই। তাই এটা অদ্ভুত হাঁহি মাৰি ক’লে— "মইটো কেতিয়াবাই মৰিলোঁ... যোৱাবাৰ বৰষুণ দিওঁতে এই লাইনেই ছিগি মোৰ গাত পৰিছিল। তুমি কিয় মোক বচাবলৈ অহা নাছিলা?"
কথাখিনি কৈয়েই তাই এটা বিকট চিঞৰ মাৰিলে আৰু গোটেই কন্ট্ৰল ৰূমৰ লাইটবোৰ একেলগে জ্বলি উঠি ফুটি গ’ল। চাৰিওফালে কেৱল ফিৰিঙতি আৰু ধোঁৱা।
পিছদিনা পুৱা যেতিয়া আন কৰ্মচাৰীসকলে অভিজিতক উদ্ধাৰ কৰিলে, তেওঁলোকে দেখিলে সি অচেতন হৈ পৰি আছে। আচৰিত কথাটো হ’ল, কন্ট্ৰল পেনেলৰ ধূলিৰ ওপৰত সৰু সৰু ভৰিৰ খোজৰ ছাপ আছিল, যিবোৰ চুইচবোৰৰ ফালে গৈ হঠাত নোহোৱা হৈ গৈছিল। আৰু অভিজিতৰ হাতৰ মুঠিত পোৱা গৈছিল এটা সৰু মামৰে ধৰা ক্লিপ— যিটো হেনো ১০ বছৰ আগতে সেই ঠাইতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা এজনী সৰু ছোৱালীৰ আছিল।
©™ মাইনা গাম
