Breaking News

লুইতৰ বুকুৰ পবিত্ৰ অলংকাৰ: মাজুলী

 

লুইতৰ বুকুৰ পবিত্ৰ অলংকাৰ: মাজুলী


ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতা বুকুত শুৱনি

সেউজীয়াৰ এক অনন্য দাপোণ,

ভক্তি আৰু সংস্কৃতিৰ মিলনভূমি

আমাৰ মাজুলী— জনমভূমিৰ আপোন।

​গুৰুজনাৰ খোজত মুখৰিত সত্ৰৰ চোতাল

খোল-তালৰ ধ্বনিত জাগে ভক্তিৰ লহৰ,

শৰতৰ জোনাকত ভাওনাৰ সেই মাদকতা

য’ত আজিও জীৱন্ত পুৰণি দিনৰ প্ৰহৰ।

​মিচিং চাংঘৰৰ সহজ-সৰল জীৱন

মুখাশিল্পৰ হাতৰ পৰশত প্ৰাণ পায় মাটি,

কঁহুৱা বনৰ আঁৰে আঁৰে বিৰিঙা হাঁহিটোৱে

কৈ যায় মিচিং ঐনিতমৰ একোটি দুটি ৰাতি।

​প্ৰলয়ৰ বানে যিমানেই নকৰক বিলাই

মাজুলী থমকি নৰয় কোনোদিন,

লুইতৰ পলসুৱা বুকুৰ দৰেই উদাৰ

মোৰ আইৰ সেই অম্লান চিন।


©™ মাইনা গাম