Breaking News

মোৰ শেষ যাত্ৰা

 

মোৰ শেষ যাত্ৰা




যেতিয়া মোৰ চকুযুৰি চিৰদিনলৈ জাপ খাব,

আৰু এই দেহটো এক নিৰ্জীৱ কাঠত পৰিণত হ’ব—

তেতিয়া তুমি দুখ নকৰিবা,

মাথোঁ ভাবিবা, মই এক গভীৰ টোপনিত আছোঁ।

​পৃথিৱীৰ কোলাহলৰ পৰা বহু দূৰলৈ,

এজাক বতাহ হৈ মই উৰি যাম,

কেতিয়াবা বৰষুণৰ টোপাল হৈ তোমাৰ পদূলিত পৰিম,

আৰু কেতিয়াবা তৰা হৈ আকাশৰ পৰা চাই ৰ’ম।

​মই দি যোৱা স্মৃতিবোৰ সাঁচি থবা,

মৰমবোৰ বুকুত বান্ধি ৰাখিবা,

মৃত্যু মানেই শেষ নহয় বন্ধু,

মই মাথোঁ এক অদৃশ্য ঠিকনালৈ ৰাওনা হ’ম।

​মোৰ চিতাৰ জুইকুৰাই ছাই কৰিলেও মোক,

মই বিলীন হ’ম মাটি আৰু আকাশত,

যত কোনো যন্ত্ৰণা নাই, নাই কোনো বিচ্ছেদ—

মাথোঁ আছে এক অজান দেশৰ নিৰৱ শান্ত।


©™ মাইনা গাম