পখিলা খেদা ছোৱালীজনী
পখিলা খেদা ছোৱালীজনী
ৰঙীন ডেউকাৰ মায়া লগাই
উৰি ফুৰে পখিলাজাক,
তাৰ পিছে পিছে লৰি ফুৰে
সৰু ছোৱালীজনী— মনত অযুত হাঁহিৰ ডাক।
শাৰী শাৰী ফুলৰ মাজে মাজে
তাইৰ চঞ্চল ভৰিৰ খোজ,
পখিলাটি ধৰিবলৈ যাওঁতেই
উৰি যায় সি— দেখুৱাই নতুন এক ভোজ।
কেতিয়াবা ৰঙা, কেতিয়াবা হালধীয়া
পখিলাৰ পিছে পিছে তাইৰ দৌৰ,
কপালত বিন্দু বিন্দু ঘামৰ টোপাল
তথাপিও নাই ভাগৰৰ কোনো গুঞ্জনৰ ওৰ।
মুঠিতে ধৰিব খোজে আকাশৰ ৰং
মুঠিতে ধৰিব খোজে উৰন্ত পখী,
পখিলা খেদা সেই নিস্পাপ ধেমালিতেই
তাই বিচাৰি পায় জীৱনৰ আচল সখী।
পখিলাটি ধৰা নহ’ল যদিও
তাইৰ মনত নাই কোনো দুখ,
মুক্ত বতাহত চঞ্চল মনেৰে দৌৰিয়েই
বিচাৰি পায় তাই স্বৰগীয় সুখ।
©™ মাইনা গাম
