ব'হাগৰ বতৰা
ব'হাগৰ বতৰা
আকাশত মেঘৰ গাজনি, কুলিৰ মিঠা মাত,
ব'হাগ আহিল ৰঙ বিয়পাই আমাৰ অসমত।
গছে সলালে কুঁহিপাত, বসন্তৰ পৰশ পাই,
বিনিময় হ’ল হিয়াৰ মৰম কপৌফুলৰ পাহিত চাই।
ঢোলৰ গুমগুমনি উঠিল, পেঁপাৰ সেই লহৰ,
ডেকা-গাভৰুৰ মনে বিচাৰে বিহুৰে সেই সুৰ।
অসমীয়াৰ নঙলা মুখত সাতামপুৰুষীয়া ৰঙ,
ব'হাগীৰ মেলাত মিলি যায় জাতি-বৰ্ণৰ ঢং।
হিয়া জুৰোৱা বিহুৱানখনি চেনেহৰ চিনাকি,
আইৰ হাতৰ পিঠা-পনাৰ গোন্ধ পালে জানো থাকি?
বৰ্ষটোৰ আশা লৈ ন-সাঁজেৰে সাজিছোঁ,
ব'হাগৰ এই আপুনি ক্ষণত উলাহেৰে নাচিছোঁ।
©™ মাইনা গাম
