আকাশ বন্তিৰ পোহৰত কাতি বিহু
আকাশ বন্তিৰ পোহৰত কাতি বিহু
চেনেহৰ তুলসী তলত জ্বলিছে চাকি,
উদুলি-মুদুলি নাই, নাই কোনো হাঁহি-ধেমালিৰ ৰাগি।
মাথোঁ এক আশাৰ প্ৰদীপ—
আন্ধাৰ ফালি আহিব বুলি সোণালী দিন,
কঙালীৰ বুকুত বাজিছে আজি এক কৰুণ বীণ।
পথাৰে পথাৰে জ্বলিছে আকাশ বন্তিৰ শিখা,
নিশাৰ আকাশত লিখিছে কৃষকৰ ভাগ্যৰ লিখা।
দৰৱী ধানৰ গোন্ধত মতলীয়া বতাহজাক,
প্ৰাৰ্থনাৰ সুৰত কঁপাইছে চহাৰ কণ্ঠস্বৰক।
হে মা লক্ষ্মী!
ভঁৰাল উদং নকৰিবা, দিবা আশীৰ্বাদৰ কণা,
দুখৰ এই কুঁৱলী ফালি পোহৰ কৰিবা আমাৰ চোতাল-কণা।
কাতিৰ এই নিস্তব্ধতাত আছে এক গভীৰ বিশ্বাস—
আঘোণৰ সোণোৱালী পথাৰত লুকাই আছে কৃষকৰ প্ৰতিটো উশাহ।
©™ মাইনা গাম
