উকা হাড়ীৰ আৰ্তনাদ
উকা হাড়ীৰ আৰ্তনাদ
খালি চাউলৰ ড্ৰামটোত হাত ফুৰাই চালোঁ,
উকা পাত্ৰটোৱে যেন চেপা হাঁহি এটা মাৰিলে—
আজি হেনো উদানত জুই নজ্বলে,
ভোকৰ চকুলোৱে আজি নিদ্ৰা হৰিব।
বজাৰৰ মোনাখন চুকত পৰি আছে,
তাত নাই কোনো ৰচদৰ আশা;
লঘুনীয়া শিশুটিৰ মলিন মুখখনত
দেখিছোঁ মাথোঁ এক কৰুণ ভাষা।
সি সোধা নাই একো, মাথোঁ চাইছে—
তাৰ সেই নিৰ্বাক দৃষ্টিত এশটা প্ৰশ্ন,
মোৰ বুকুখনত যেন বিন্ধিছে হাজাৰ কাঁইট,
কিদৰে দিম তাক একমুঠি অন্ন?
উৰুখা পঁজাৰ চালিখনৰ তলে তলে,
দৰিদ্ৰতাৰ বিষাদৰ সুৰ বাজে;
চাউল কেইটাৰ অভাৱত আজি মোৰ
পুৰুষত্বৰ গৰ্ব যেন লাজত কোঁচ খাই আহে।
দিনটো হাড়ভঙা খাটনিৰ পাছতো
যদি নিশাৰ সাজত শূন্যতাই বিৰাজ কৰে,
তেন্তে জীয়াই থকাৰ এই যুঁজখন
কিমাননো আৰু দীঘলীয়া হ'ব পাৰে?
অন্ধকাৰ নিশাৰ আকাশখনলৈ চাইছোঁ,
তাৰাও যেন আজি মোলৈ চাই কান্দিছে;
আজিৰ ৰাতিটো কেনেকৈ পাৰ কৰিম—
প্ৰশ্নটোৱে মোক ভিতৰৰ পৰা দহিছে।
নিলগৰ কোনোবা অট্টালিকাৰ পৰা
ভাহি আহিছে সুস্বাদু আহাৰৰ গোন্ধ,
মোৰ চোতালত মাথোঁ নিস্তব্ধতাৰ আন্ধাৰ—
য’ত ভোক আৰু ভাগ্যৰ চিৰকালৰ দ্বন্দ্ব।
©™ মাইনা গাম
