এটি বিষাদৰ ৰাতি
এটি বিষাদৰ ৰাতি
চকুৰ পতাত আজি টোপনি নাই,
আছে মাথোঁ এটি নীৰৱ হাহাকাৰ—
খিৰিকীৰ সিপাৰে ক’লা অন্ধকাৰৰ চাদৰ,
আৰু মোৰ ভিতৰত এটি উদং পথাৰ।
মৃত জোনাকবোৰ ক’ত হেৰাই গ’ল?
তৰাবোৰেও আজি যেন বাট সলাইছে,
বুকুৰ কোণত পুৰণি স্মৃতিৰ ধূলি—
বিষাদৰ সুৰ হৈ নিৰলে বাজিছে।
চিঞৰি ক’বলৈ কোনো নাই ওচৰত,
মৌনতাৰ মাজতে বিচাৰো নিজক—
দুখৰ এই নিশাটি বৰ দীঘলীয়া,
যি গিলি পেলায় মোৰ প্ৰতিটো ক্ষণক।
সময়ৰ সোঁতত চকুলোও শুকায়,
ৰৈ যায় মাথোঁ এটা গভীৰ দাগ—
পাৰ হ’বনে বাৰু এই কালিকা ৰাতি?
নে কাইলৈও হ’ব একেই বিষাদৰ ৰাগ?
©™ মাইনা গাম
