শেষ নোহোৱা এটি বিষাদৰ কবিতা
শেষ নোহোৱা এটি বিষাদৰ কবিতা
আজি বিদায় লৈছোঁ—
বুকুত একাঁজলি বিষাদ সামৰি,
দুচকুৰ কোণত এটি অশ্ৰুৰ টোপাল লৈ
হেৰাই যাব খুজিছোঁ চিনাকি পৃথিৱীৰ পৰা।
যিবোৰ বাটত খোজ দিছিলোঁ হাঁহি হাঁহি,
সেইবোৰ বাটতে আজি স্মৃতিৰ উচুপনি;
ক’ব লগা বহুত কথাই থাকি গ’ল থমকি,
মৌনতাই আৱৰি ধৰিলে মোৰ কণ্ঠৰ প্ৰতিধ্বনি।
একো লৈ যোৱা নাই—
কেৱল এৰি থৈ গৈছোঁ মৰমৰ কিছু অৱশেষ,
আৰু এটা আধৰুৱা গল্পৰ
হঠাৎ হৈ পৰা কৰুণ শেষ।
আজি বিদায় লৈছোঁ—
কোনো অভিযোগ নাই, নাই কোনো ক্ষোভ,
মাথোঁ থাকি যাব আপোন মানুহবোৰ হেৰুওৱাৰ
এক অজানিত দুখৰ মোহ।
©™ মাইনা গাম
