অব্যক্ত অনুৰাগ
অব্যক্ত অনুৰাগ
তোমাক প্ৰথম দেখা সেই পলটো,
আজিও মোৰ মনৰ দাপোনত সজীৱ হৈ আছে।
হঠাতে যেন ৰৈ গৈছিল সময়ৰ গতি,
আৰু মোৰ পৃথিৱীখন থমকি ৰৈছিল তোমাৰ হাঁহিত।
তোমাৰ চকুৰ সেই গভীৰতা,
য’ত মই হেৰুৱাই পেলাওঁ মোৰ ঠিকনা।
তোমাৰ সৰলতাই মোৰ হিয়াৰ কোণত
অজানিতে আঁকি দিলে এটি নতুন সপোনৰ চবি।
ক’বলৈ বহুত কথা আছে বুকুত গোট খাই,
কিন্তু তোমাক দেখিলেই শব্দবোৰে বাট হেৰুৱায়।
বতাহত উৰি অহা তোমাৰ চুলিৰ গোন্ধত
মই বিচাৰি পাওঁ মোৰ জীয়াই থকাৰ মাদকতা।
তুমি জানো বুজি পোৱা?
মোৰ মৌনতাৰ আঁৰত লুকাই থকা এই প্ৰেমৰ ভাষা?
প্ৰতিটো ক্ষণত তোমাৰ কথা ভাবি থাকোঁতে
কেতিয়া যে মই নিজেই তোমাৰ হৈ পৰিলোঁ, গমেই নাপালোঁ।
মোৰ এই নিৰৱ প্ৰেমৰ কবিতাটি
মাথোঁ তোমাৰ নামতেই উৎসৰ্গা কৰিলোঁ।
যদি কেতিয়াবা মন যায়, পঢ়ি চাবা মোৰ চকুহাললৈ...
তাত কেৱল তোমাৰেই প্ৰতিচ্ছবি বিচাৰি পাবা।
