বসন্তৰ সুৰীয়া দূত
বসন্তৰ সুৰীয়া দূত
গছৰ আঁৰত লুকাই থাকি
গাৰো তুমি গান,
তোমাৰ মিঠা মাতে আমাৰ
জুৰাই দিয়ে প্রাণ।
কুউ কুউ সুৰত তোমাৰ
বসন্তই দিয়ে সঁহাৰি,
সেউজীয়াৰ বুকুত নামি আহে
আনন্দৰ এক লহৰী।
চিনাকি তোমাৰ ক’লা বৰণ
চিনাকি তোমাৰ সুৰ,
তোমাৰ কণ্ঠই আঁতৰাই দিয়ে
মনৰ দুখবোৰ দূৰ।
নাহৰ-তগৰৰ সুবাসৰ মাজত
তুমি এটি মিঠা ৰাগি,
কুলি তোমাৰ গীত শুনিলে
সকলোৰে মন উঠে জাগি।
©™ মাইনা গাম
