মায়াৰ পৃথিৱী
মায়াৰ পৃথিৱী
এইয়া এক ৰঙীন মৰীচিকা,
য'ত সপোনবোৰে পিন্ধি লয় মিছাৰ অলংকাৰ।
আশাৰ কোলাত বহি আমি নিৰাশাক পাহৰোঁ,
আৰু ক্ষন্তেকীয়া হাঁহিৰ বাবে জীৱনটোক আদৰোঁ।
যি দেখিছোঁ, সেয়া চাগে নহয় সত্য,
যি শুনিছোঁ, সেয়া কেৱল শব্দৰ নৃত্য।
মৰমৰ বান্ধোনবোৰ যেন একো একোটা জৰী,
আমি আৱদ্ধ হৈ আছোঁ নিজক পাহৰি।
পোহৰৰ আঁৰত লুকাই থাকে এন্ধাৰৰ ছাঁ,
সুখৰ বুকুত কঁপনি তুলে অজানিত কোনো পা।
আজি যিটো আপোন, কালিলৈ সেয়া অচিনাকি,
মায়াৰ এই খেলাত সকলোৱে দিছোঁ ফাঁকি।
তথাপিও এই পৃথিৱীখন বৰ ধুনীয়া,
চকুৰ পলকতে কাঢ়ি নিয়ে আমাৰ হিয়া।
জানিও যে সকলো এদিন হেৰাই যাব নিমিষতে,
তথাপিও আমি সাজিছোঁ তাজমহল মৰমৰ ধূলিতে।
©™ মাইনা গাম
