অৰণ্যৰ দুহিতি: কপৌফুল
অৰণ্যৰ দুহিতি: কপৌফুল
অৰণ্যৰ নিভৃত কোণত,
ওখ গছৰ ডালত বহি—
তুমি ৰৈ আছা কাৰ বাবে?
ৰিব্ ৰিব্ মলয়াৰ সুবাসত
লাজুকী হাঁহিটি মেলি।
নাহৰৰ কেঁচা পাতত বসন্তৰ আগমণ,
কুলিৰ মাতে জগাই তোলে
নিৰলা বননিৰ মন।
তাৰ মাজতেই তুমি—
বৰণত যাৰ আকাশী আভা,
হৃদয়ত এক অচিন শোভা।
বিহুৱতীৰ খোপাত তোমাৰ স্থান,
তুমি অবিহনে জানো সম্পূৰ্ণ হয়
আমাৰ ৰঙালীৰ গান?
তুমি কেৱল এটি ফুলেই নহয়,
তুমি অসমীয়াৰ আবেগ,
তুমি আমাৰ বাপতিসাহোন ঐতিহ্যৰ
এটি অলেখ মৰমৰ মেঘ।
অ’ চেনেহী কপৌ,
তুমি ফুলি থাকা এনেকৈয়ে—
চিৰকাল আমাৰ গছৰ ডালত,
আৰু প্ৰতিজন অসমীয়াৰ
প্ৰাণৰ থাপনাত।
©™ মাইনা গাম
