Breaking News

অৰণ্যৰ দুহিতি: কপৌফুল

 

অৰণ্যৰ দুহিতি: কপৌফুল


অৰণ্যৰ নিভৃত কোণত,

ওখ গছৰ ডালত বহি—

তুমি ৰৈ আছা কাৰ বাবে?

ৰিব্ ৰিব্ মলয়াৰ সুবাসত

লাজুকী হাঁহিটি মেলি।

​নাহৰৰ কেঁচা পাতত বসন্তৰ আগমণ,

কুলিৰ মাতে জগাই তোলে

নিৰলা বননিৰ মন।

তাৰ মাজতেই তুমি—

বৰণত যাৰ আকাশী আভা,

হৃদয়ত এক অচিন শোভা।

​বিহুৱতীৰ খোপাত তোমাৰ স্থান,

তুমি অবিহনে জানো সম্পূৰ্ণ হয়

আমাৰ ৰঙালীৰ গান?

তুমি কেৱল এটি ফুলেই নহয়,

তুমি অসমীয়াৰ আবেগ,

তুমি আমাৰ বাপতিসাহোন ঐতিহ্যৰ

এটি অলেখ মৰমৰ মেঘ।

​অ’ চেনেহী কপৌ,

তুমি ফুলি থাকা এনেকৈয়ে—

চিৰকাল আমাৰ গছৰ ডালত,

আৰু প্ৰতিজন অসমীয়াৰ

প্ৰাণৰ থাপনাত।


©™ মাইনা গাম