জোনাকী ৰাতি
জোনাকী ৰাতি
নীলা আকাশৰ বিশাল বুকুত
ৰূপালী জোনটোৱে হাঁহে,
তৰাবোৰে যেন আকাশৰ কোণত
লুকা-ভাকু খেলি নাচে।
বাঁহৰ পাতৰ ফাঁকেৰে আহি
জোনাক পৰেহি চোতালত,
শীতল বতাহে কাণে কাণে কয়
কিবা এক মিঠা সপোনৰ মাত।
নিস্তব্ধ নিশাৰ নিৰৱ বুকুত
ঝিলিৰ মাতে দিয়ে কঁপনি,
দুৰৈৰ পথাৰত শেৱালিৰ সুবাসে
বিলাইছে যেন মায়াবী এক আমনি।
প্ৰতিটো জোনাকীয়ে পোহৰ বিলাই
আন্ধাৰক কৰিছে জয়,
জোনাকী ৰাতিৰ এই শান্ত পৰশ
আচৰিত এক মৰমৰ আলয়।
©™ মাইনা গাম
