Breaking News

ৰাতিপুৱাৰ সেই দেখা

 

ৰাতিপুৱাৰ সেই দেখা


প্ৰথম পোহৰৰ দৰেই শুভ্ৰ তোমাৰ হাঁহি,

পুৱাৰ নিয়ৰ টোপাল যেন সৰা—

তুমি আহিলা সোণালী ৰেঙণি হৈ,

মেলি দিলা দুচকুৰ অপূৰ্ব তৰা।

​আলফুলীয়া খোজত যেন বাজি উঠিছে সুৰ,

চৌপাশে বিয়পিছে এক মিঠা সুবাস—

ৰাতিপুৱাৰ এই নিৰ্জন ক্ষণত,

তুমি যেন মোৰ হৃদয়ৰ নীল আকাশ।

​শাৰী শাৰী তৰা যেন বিলীন হ’ল,

বেলিৰ কোমল হেঙুলীয়া আভাত—

মই ৰৈ আছোঁ মাত্ৰ চাই তোমাক,

এই ধুনীয়া এটি মিঠা ৰাতিপুৱাত।


© মাইনা গাম