আধৰুৱা জীৱন
আধৰুৱা জীৱন
শব্দবোৰ ৰৈ গ’ল ওঁঠৰ কোণত,
নোকোৱা কথাৰ দলিচাত;
উশাহবোৰ আজিও থমকি ৰয়,
স্মৃতিৰ কোনোবা ধূসৰিত পাতত।
সপোনবোৰ আছিল আকাশ ছোঁৱাৰ,
কিন্তু ডেউকাখন ভগা চৰাইৰ দৰে;
আধা বাটতে স্তব্ধ হ’ল যাত্ৰা,
নিস্তব্ধতাৰ এন্ধাৰ ঘৰে ঘৰে।
কেতিয়াবা ভাবো,
পূৰ্ণতা জানো ইমান প্ৰয়োজন?
আধৰুৱা বাঁহীৰ সুৰতো থাকে
এক অবুজ মায়াবী আমন্ত্ৰণ।
মই এতিয়া এক আধৰুৱা কবিতা,
যাৰ শেষৰ শাৰীটো লিখা নহ’ল;
মোৰ জীৱন এক আধৰুৱা বৰষুণ,
যিয়ে কেৱল ধূলিক হে তিয়াই গ’ল।
আশাৰ পঁজাটি সাজিছিলোঁ য’ত,
আজি তাত কেৱল ৰিক্ততাৰ গান;
আধৰুৱা হোৱাৰ যন্ত্ৰণাতেই হয়তো
লুকাই থাকে মানুহ হোৱাৰ মান।
©™ মাইনা গাম
