বৰণীয় ময়ূৰ
বৰণীয় ময়ূৰ
নীলা আকাশৰ মেঘৰ গাজনিত,
নাচি উঠে সি বিৰিণাৰ বনত।
ডিঙি মেলি চাই আকাশৰ পিনে,
মনোমোহা ৰূপ তাৰ প্ৰতিদিনে।
পাখি মেলি যেতিয়া পাতে চালি,
সৰি পৰে যেন সাতোৰঙী পোহৰৰ দালি।
সেউজীয়া-নীলাৰ অপূৰ্ব মেলা,
প্ৰকৃতিৰ বুকুত তাৰ ৰাজকীয় খেলা।
জাতীয় গৌৰৱ সি আমাৰ দেশৰ,
সৌন্দৰ্যৰ প্ৰতীক, অতি মৰমৰ।
তাৰ নাচোনত বিৰাজ কৰে ছন্দ,
হৃদয়ত ভৰে এক অপাৰ আনন্দ।
©™ মাইনা গাম
