অগ্নিশিখা মা দুৰ্গা
অগ্নিশিখা মা দুৰ্গা
![]() |
| © Image : wikipedia |
শৰতৰ শুভ্ৰ আকাশৰ তলত,
শেৱালিৰ সুবাসে আমোলমোল কৰে ধৰা,
আগমন ঘটে দহভূজাৰ—
অশুভৰ বিনাশ কৰি শান্তি বিলাবলৈ অহা।
তপ্ত কাঞ্চন বৰণা তুমি,
নয়নত কৰুণা আৰু হাতত ত্ৰিশূল,
মহিষাসুৰ মৰ্দিনী মা তুমি—
তোমাৰ চৰণত ভকতৰ সৰল ফুল।
বিপদ-বিঘিনি নাশ কৰা হে জননী,
তুমি অজেয়, তুমি আদ্যাশক্তিৰ ধাৰা,
মর্ত্যলোকলৈ নমাই আনিবা—
শান্তি, সমৃদ্ধি আৰু সুখৰ এটি পুৱা।
জয়ন্তী মঙ্গলা কালী, ভদ্ৰকালী কপালিনী,
তোমাৰ বন্দনাৰে মুখৰিত ধৰণী।
©™ মাইনা গাম
