নিৰৱে বৈ যোৱা এক নদী
নিৰৱে বৈ যোৱা এক নদী
প্ৰেম মানে কেৱল দিয়া-লোৱা নহয়,
প্ৰেম মানে এটি বিমল অনুভৱ,
হৃদয়ৰ কোনোবা এটা গোপন কোণত
নিৰৱে ফুলি উঠা এপাহি ৰক্ত গোলাপ।
প্ৰেম নদীৰ দৰে স্বচ্ছ আৰু গভীৰ,
যাৰ নাই কোনো সীমা, নাই কোনো শেষ,
প্ৰেম মানে কাৰোবাক নিজতকৈ বেছি জনাৰ
এটি নিস্বাৰ্থ আৰু পবিত্ৰ আৱেশ।
তৰাভৰা আকাশৰ জোনাকৰ দৰে,
প্ৰেমে মনৰ অন্ধকাৰ আতৰাই বিলায় পোহৰ,
এটি অশ্ৰু ধাৰাতো লুকাই থাকে য’ত
হাজাৰ জনমৰ বিশ্বাস আৰু মৰমৰ সুঁতি।
প্ৰেম মানে জীয়াই থকাৰ এক মিঠা অজুহাত,
প্ৰেম মানে উশাহৰ মাজেৰে নিগৰা এক সুবাস,
হৃদয়ৰ পৰা হৃদয়লৈ বৈ যোৱা
এটি বিশুদ্ধ আৰু অবুজ বিশ্বাস।
©™ মাইনা গাম
