প্ৰেম: এটি স্বৰ্গীয় অনুভূতি
প্ৰেম: এটি স্বৰ্গীয় অনুভূতি
প্ৰেম জানো মাথোঁ এটি শব্দ?
নহয়, ই এক অনামী অনুভৱৰ স্তব্ধতা,
দুটি আত্মাৰ মাজত বৈ যোৱা
এটি স্বৰ্গীয় নিজৰা।
নিলিখাকৈয়ে ৰৈ যোৱা কবিতাৰ দৰে প্ৰেম,
বৰষুণৰ টোপালত মাটিৰ সুবাসৰ দৰে,
যিয়ে হৃদয়ে হৃদয়ে কঢ়িয়াই আনে
এক বুজাব নোৱাৰা শান্তিৰ বতৰা।
প্ৰেম মানে সাগৰৰ দৰে বিশালতা,
আকাশৰ নীলাত হেৰাই যোৱা ব্যাকুলতা,
ই যেন ঈশ্বৰৰ এক নিৰ্মল সৃষ্টি
যিয়ে মৰুময় জীৱনতো নমাই আনে বৃষ্টি।
চকুৰ চাৱনিত যি ভাষা লুকাই থাকে,
হৃদয়ৰ ধপধপনিত যি সুৰ বাজি উঠে,
সেয়াইটো প্ৰেম— এক পবিত্ৰ পূজা,
য’ত নাই কোনো স্বাৰ্থ, নাই কোনো যুঁজ।
হৃদয়ৰ পৰা হৃদসলৈ বৈ যোৱা এই সুঁতি
সঁচাকৈয়ে এক স্বৰ্গীয় অনুভূতি।
©™ মাইনা গাম
