Breaking News

তোমাৰ হাঁহিৰ অনুৰাগ

 

তোমাৰ হাঁহিৰ অনুৰাগ

© Image:Maina Gam

তোমাৰ ওঁঠৰ এটি মিঠা হাঁহিত যদি

মোৰ মৰুভূমিৰ দৰে উকা চকুত

একাজলি ৰঙীন জোনাক উপচি পৰে,

তেন্তে সেই হাঁহিটি হৈ তুমি থাকি যোৱা—

মোৰ আকাশৰ চিৰস্থায়ী ধ্ৰুৱতৰা

​যদি মোৰ এই পলকহীন দৃষ্টিত

তোমাৰ সপোনবিলাক জীৱন্ত হৈ উঠে,

আৰু হৃদয়ৰ নিভৃত কোণত বাঢ়ি আহে

এক বুজাব নোৱাৰা প্ৰেমৰ মাদকতা,

তেন্তে মোক সেই মায়াৱী চকুহাললৈ

অবিৰাম চাই থাকিবলৈ দিয়া

​আৰু মোৰ উপস্থিতিয়ে যদি

তোমাৰ প্ৰতিটো উশাহত কঢ়িয়াই আনে

বসন্তৰ সেই মতলীয়া মলয়াৰ সুবাস,

তেন্তে মোক তোমাৰ ছাঁ হৈ

কাষতে ৰৈ যাবলৈ দিয়া— চিৰদিন


©™ মাইনা গাম