তোমাতেই বিলীন
তোমাতেই বিলীন
তোমাৰ প্ৰেমৰ গভীৰ নীলাত মই বিলীন হ’ব খোজোঁ,
হেজাৰ জনমৰ তৃষ্ণা বুকুত লৈ তোমাতেই মই হেৰাই যাব খোজোঁ।
যেনেকৈ নদী গৈ সাগৰত মিলায়,
মোৰ অস্তিত্বও যেন তোমাৰ মাজতেই শেষ হয়।
হিমালয়ৰ সেই শুকুলা টিঙত থিয় হৈ,
মই আকাশ কঁপাই চিঞৰিব খোজোঁ—
গগন ফালি মই ল’ব খোজোঁ মাথোঁ তোমাৰেই নাম,
বতাহৰ সুহুৰিত বিয়পি পৰক আমাৰ প্ৰেমৰ ঠিকনা।
অভিমানৰ সৰু সৰু টোপোলাবোৰ তুমি সাঁচি ৰাখিব দিয়া,
সেই চকুৰ পানী আৰু হাঁহিৰ মাজতেই মই সুখৰ চানেকি বিচাৰি পাওঁ।
প্ৰতিটো মান-অভিমানৰ আঁৰত লুকাই থাকে একোখন সপোনৰ পৃথিৱী,
য’ত তুমি আৰু মই— এযোৰ অজান পখী।
প্ৰেমৰ এই মিঠা ৰাগীত মোক আজি মাতাল হ’ব দিয়া,
পাহৰি যাওঁ পাৰ্থিৱ জগতৰ সকলো মিছা মায়া।
দেউদী যাওঁ আজি সকলো দুখ আৰু যন্ত্ৰণা,
তোমাৰ বুকুত বিচাৰি পাওঁ এক নতুন প্ৰেৰণা।
প্ৰেমৰ এই অবিৰাম ধাৰাত মোক ডুবিবলৈ দিয়া,
তোমাৰ ছাঁ হৈ মোৰ জীৱনটো ধন্য কৰি দিয়া।
©™ মাইনা গাম
