Breaking News

তোমাতেই বিলীন

 

তোমাতেই বিলীন




​তোমাৰ প্ৰেমৰ গভীৰ নীলাত মই বিলীন হ’ব খোজোঁ,

হেজাৰ জনমৰ তৃষ্ণা বুকুত লৈ তোমাতেই মই হেৰাই যাব খোজোঁ।

যেনেকৈ নদী গৈ সাগৰত মিলায়,

মোৰ অস্তিত্বও যেন তোমাৰ মাজতেই শেষ হয়।

​হিমালয়ৰ সেই শুকুলা টিঙত থিয় হৈ,

মই আকাশ কঁপাই চিঞৰিব খোজোঁ—

গগন ফালি মই ল’ব খোজোঁ মাথোঁ তোমাৰেই নাম,

বতাহৰ সুহুৰিত বিয়পি পৰক আমাৰ প্ৰেমৰ ঠিকনা।

​অভিমানৰ সৰু সৰু টোপোলাবোৰ তুমি সাঁচি ৰাখিব দিয়া,

সেই চকুৰ পানী আৰু হাঁহিৰ মাজতেই মই সুখৰ চানেকি বিচাৰি পাওঁ।

প্ৰতিটো মান-অভিমানৰ আঁৰত লুকাই থাকে একোখন সপোনৰ পৃথিৱী,

য’ত তুমি আৰু মই— এযোৰ অজান পখী।

​প্ৰেমৰ এই মিঠা ৰাগীত মোক আজি মাতাল হ’ব দিয়া,

পাহৰি যাওঁ পাৰ্থিৱ জগতৰ সকলো মিছা মায়া।

দেউদী যাওঁ আজি সকলো দুখ আৰু যন্ত্ৰণা,

তোমাৰ বুকুত বিচাৰি পাওঁ এক নতুন প্ৰেৰণা।

​প্ৰেমৰ এই অবিৰাম ধাৰাত মোক ডুবিবলৈ দিয়া,

তোমাৰ ছাঁ হৈ মোৰ জীৱনটো ধন্য কৰি দিয়া।


©™ মাইনা গাম