হৃদয়ৰ কৃষ্ণচূড়া
হৃদয়ৰ কৃষ্ণচূড়া
তুমিতো নাজানা সম্প্ৰতি কেনেকৈ পাৰ হয় মোৰ সময়,
মোৰ হৃদয়ৰ এই সীমাহীন শূণ্যতাত
তুমি তুমি লগা মায়াবী ভাৱনাবোৰৰ
ব্যস্ততা দিনে দিনে বাঢ়ি আহিছে।
একাজলি জোনাকৰ দৰেই তুমি নামি আহা মোৰ চোতালত,
অথচ স্পৰ্শৰ পৰিধিত তুমি আজিও বহু দূৰত।
সঘনে তোমালৈ মনত পৰে—
কেতিয়াবা কামৰ মাজত, কেতিয়াবা অকাৰণত,
আৰু সেই প্ৰতিটো পলত বুকুখন কপি উঠে;
যেন বুকুৰ ধপধপনিবোৰে তোমাৰেই নাম ধৰি চিঞৰে।
স্মৃতিৰ কোলাহলত মই হেৰাই যাওঁ বাৰে বাৰে,
য’ত কেৱল তুমি আছা আৰু মোৰ মৌন প্ৰতিধ্বনিবোৰ আছে।
সন্ধিয়াৰ সেই নীৰৱ হৃদয়াকাশত
যেতিয়া বিষাদৰ ৰঙা বেলিটো মাৰ যায়,
মোৰ উকা বুকুৰ মৰমবোৰ কৃষ্ণচূড়া হৈ ফুলে।
ৰঙা ৰঙা ফুলবোৰে যেন মোৰ তেজৰ চেকুৰাকো ৰঙীন কৰে,
আৰু সেই ৰঙা পাপৰিবোৰত লিখা থাকে—
এক অজান শিহৰণ, এক অপ্ৰকাশিত ভালপোৱা।
তুমি চাগে অনুভৱো কৰিব নোৱাৰা,
মোৰ এই নিসংগতাৰ চহৰত তুমি কিমান প্ৰবল!
মোৰ প্ৰতিটো উশাহৰ স্পন্দনত তুমি আছা,
মোৰ প্ৰতিটো কবিতাৰ ছন্দত তুমি আছা।
আৰু এইদৰেই কোনোবা এদিন,
মোৰ হৃদয়ৰ গোটেই আকাশখনেই চাগে
তোমাৰ নামৰ কৃষ্ণচূড়াৰে ভৰি পৰিব।।
©™ মাইনা গাম
