Breaking News

এটি আধৰুৱা কবিতা

এটি আধৰুৱা কবিতা



©- মাইনা গাম 


মোৰ পৃথিৱীৰ কেন্দ্ৰবিন্দুত তুমি,
মোৰ শব্দৰ প্ৰতিটো ছন্দত তুমি।
যদি কেতিয়াবা সময় পোৱা,
পঢ়ি চাবা মোৰ বুকুৰ ডায়েৰীখন;
তাত চিয়াহীৰে নহয়,
অনুভৱেৰে লিখা আছে তোমাৰ নাম।
প্ৰতিটো পৃষ্ঠাই চিঞৰি কয়—
"তুমি মোৰ, কেৱল মোৰ।"