Breaking News

জীৱন আৰু মৃত্যুৰ মায়াজাল

 

জীৱন আৰু মৃত্যুৰ মায়াজাল



পাৰ ভাঙি আহে জীৱনৰ ঢল,

আশাৰ বোকোচাত সপোনৰ কোলাহল।

এমুঠি উশাহ, এধানি হাঁহি,

আৰু অলপমান জীয়াই থকাৰ হেঁপাহ—

এয়াইটো জীৱন, এক অজান যাত্ৰাৰ আৰম্ভণি।

​কেতিয়াবা ফাগুনৰ ধূলিয়ৰি বাটত,

কেতিয়াবা শাওনৰ পথাৰৰ বোকাটত,

আমি বিচাৰি ফুৰোঁ অস্তিত্বৰ ঠিকনা।

দুখৰ চকুলো আৰু সুখৰ জাননীৰে

গঢ়ি তোলোঁ মায়াৰ এখন বিশাল অৰণ্য।

​কিন্তু...

দিনান্তৰ সেই নিস্তব্ধ ক্ষণত,

যেতিয়া সন্ধ্যাৰ ছাঁবোৰ দীঘল হয়,

অজান্তিতে কাষ চাপে এক ছাঁয়াময় আলহী।

শব্দহীন খোজত আহে মৃত্যু—

যিয়ে সোঁৱৰাই দিয়ে, সকলো শেষ হোৱাৰ কথা।

​মৃত্যু নহয় কোনো নিষ্ঠুৰ পৰিণতি,

ই মাথো ভাগৰুৱা আত্মাৰ অলপ জিৰণি।

জীৱন যদি এক ফুলি থকা তগৰ,

মৃত্যু তাৰ সৰি পৰা সুবাসৰ বতৰ।

​জীৱন আৰু মৃত্যু—

একেখন মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি।

এটাত আছে পোৱাৰ আনন্দ,

আনটাত আছে হেৰুৱাৰ প্রশান্তি।


©-মাইনা গাম