সেউজীয়া ডেউকাৰ ৰজা
সেউজীয়া ডেউকাৰ ৰজা
বৰষুণৰ টোপালত ধুই যোৱা
সি এক সেউজীয়া পখিলা,
ৰঙা ঠোঁটটোৰে কামুৰি খায়
সি বাৰীৰ পকা মিঠা কলৰ থোকা।
বাঁহনিৰ আঁৰত লুকাই থাকে
তাৰ দুচকুত চঞ্চল খেলা,
'ৰাম ৰাম' বুলি মাত লগালে
পাহৰি যাওঁ সকলো দুখৰ বেলা।
ডিঙিত তাৰ ক’লাকৈ এটি কন্ঠী
ডেউকাত ৰ’দৰ চিকমিকনি,
আকাশৰ নীলাত সি যেতিয়া উৰে
মনটো হয় যেন তাৰেই লগৰী।
©™ মাইনা গাম
