নীলশৈলৰ মহেশ্বৰী
নীলশৈলৰ মহেশ্বৰী
![]() |
নীলাচলৰ বুকুত জ্বলে ভক্তিৰ এক শিখা,
কামৰূপৰ ধূলি-বালিত আইৰ চৰণৰ ৰেখা।
যিবোৰ দুখৰ এন্ধাৰ নাচে মানুহৰ মনে মনে,
আইৰ হাঁহিত পোহৰ নামে সজাগ অনুক্ষণে।
তুমি আদ্যা, তুমি শক্তি, তুমি ধৰিত্ৰীৰ ধাৰা,
নিৰাশাৰ মাজত তুমি আশাৰ শুকতৰা।
নীল পাহাৰৰ মন্দিৰত বাজে ডম্বৰুৰ ধ্বনি,
ভক্তৰ হিয়াত বাজি উঠে চৰণৰ কিংকিনী।
ৰক্তিম আভাৰে সজাওঁ তোমাৰ পূজাৰ থাপনিত,
শান্তিৰ বতাহ বোৱাই দিয়া প্ৰতিটো জীৱনত।
মা তুমি জননী, তুমি জগতৰ আধাৰ,
তোমাৰ কোলাতেই পাওঁ মুক্তিৰ সুবাস অপাৰ।
©™ মাইনা গাম
