অব্যক্ত সন্ধান
অব্যক্ত সন্ধান
এশটি কবিতাৰ ভাজত মই
মাথোঁ তোমাৰেই ঠিকনা বিচাৰো,
অথচ প্ৰতিটো ছন্দৰ শেষত
মই কেৱল বিষাদহে সাৱটি ধৰো।
লিখি লিখি ভাগৰি পৰিছে
মোৰ কলমৰ নিবটো,
তথাপিও হেৰাই যোৱা নাই
তোমাক পোৱাৰ হেঁপাহটো।
মোৰ উকা কাগজৰ বুকুত
তুমি আজিও জীৱন্ত হৈ ৰৈছা,
মোৰ প্ৰতিটো শব্দৰ মাজত
মাথোঁ তুমিয়েই কথা কৈছা।
©™ মাইনা গাম
