Breaking News

অগ্নিস্নাত জীৱন

 

অগ্নিস্নাত জীৱন



দুখবোৰ যদি নাহিলহেঁতেন,

সুখৰ অৰ্থ কোনে বুজি পালেহেঁতেন?

অন্ধকাৰ নিশাৰ কোলাত হেৰাই নগলে,

পুৱাৰ সূৰুযনো ইমান আপোন লাগিলহেঁতেননে?

​নিৰাশাৰ তীব্ৰ সোঁতে যেতিয়া

বুকুৰ পঁজা লৰাই দিয়ে,

তেতিয়াই মানুহে আৱিষ্কাৰ কৰে

অজেয় মনৰ এটি গোপন দুৱাৰ।

​চকুপানী মাথোঁ চকুৰ পানী নহয়,

সেয়া হৃদয়ৰ পৰা নিগৰা ধৈৰ্যৰ নদী।

প্ৰতিটো উজাগৰী নিশাৰ যন্ত্ৰণাই

গঢ়ি তোলে একো একোটি তীখৰ মনোবল।

​সংগ্ৰামেইটো জীৱনৰ আচল নাম,

হাঁহি-কান্দোনৰ মাজেৰেই বৈ যোৱা এক ধাৰা।

কষ্টবোৰে আমাক ভাঙি নেপেলায়,

বৰঞ্চ শিকায়—কেনেকৈ পুনৰ থিয় হ'ব লাগে,

কেনেকৈ এই জীৱনক হৃদয়ৰে ভাল পাব লাগে।


©™ মাইনা গাম