অগ্নিস্নাত জীৱন
অগ্নিস্নাত জীৱন
দুখবোৰ যদি নাহিলহেঁতেন,
সুখৰ অৰ্থ কোনে বুজি পালেহেঁতেন?
অন্ধকাৰ নিশাৰ কোলাত হেৰাই নগলে,
পুৱাৰ সূৰুযনো ইমান আপোন লাগিলহেঁতেননে?
নিৰাশাৰ তীব্ৰ সোঁতে যেতিয়া
বুকুৰ পঁজা লৰাই দিয়ে,
তেতিয়াই মানুহে আৱিষ্কাৰ কৰে
অজেয় মনৰ এটি গোপন দুৱাৰ।
চকুপানী মাথোঁ চকুৰ পানী নহয়,
সেয়া হৃদয়ৰ পৰা নিগৰা ধৈৰ্যৰ নদী।
প্ৰতিটো উজাগৰী নিশাৰ যন্ত্ৰণাই
গঢ়ি তোলে একো একোটি তীখৰ মনোবল।
সংগ্ৰামেইটো জীৱনৰ আচল নাম,
হাঁহি-কান্দোনৰ মাজেৰেই বৈ যোৱা এক ধাৰা।
কষ্টবোৰে আমাক ভাঙি নেপেলায়,
বৰঞ্চ শিকায়—কেনেকৈ পুনৰ থিয় হ'ব লাগে,
কেনেকৈ এই জীৱনক হৃদয়ৰে ভাল পাব লাগে।
©™ মাইনা গাম
