গল্প: এটা খালী কেনভাচ আৰু এমুঠি ৰং
গল্প: এটা খালী কেনভাচ আৰু এমুঠি ৰং
এখন সৰু চহৰত অৰ্পণ নামৰ এজন চিত্ৰশিল্পী আছিল। তেওঁৰ তুলিকাৰ টানত প্ৰাণ পাই উঠিছিল প্ৰকৃতিৰ সৌন্দৰ্যই। কিন্তু অৰ্পণৰ মনত এটা ডাঙৰ প্ৰশ্নই সদায় খুন্দিয়াই আছিল— "প্ৰকৃততে জীৱন কি?"
সেই প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ এদিন এজন বৃদ্ধ সাধুৰ ওচৰ পালেগৈ। সাধুজন পাহাৰৰ টিলা এটাত বহি সূৰ্যাস্ত চাই আছিল। অৰ্পণে তেওঁক সুধিলে, "বাবা, আপুনি ইমান অভিজ্ঞ, মোক ক’ব পাৰিবনে জীৱনৰ আচল সংজ্ঞা কি?"
সাধুজনে হাঁহি মাৰিলে আৰু অৰ্পণক ক’লে, "উত্তৰটো মই মুখেৰে দিয়াতকৈ তুমি নিজে বিচাৰি উলিওৱাটোৱেই ভাল হ’ব। কাইলৈ পুৱা তুমি এখন খালী কেনভাচ লৈ মোৰ ওচৰলৈ আহিবা।"
পিছদিনা অৰ্পণে এখন বগা কেনভাচ লৈ সাধুজনৰ ওচৰত হাজিৰ হ’ল। সাধুজনে ক’লে, "আজি গোটেই দিনটো তুমি এই পাহাৰত ঘূৰি ফুৰা। যি দেখিবা, যি অনুভৱ কৰিবা, তাক এই কেনভাচখনত আঁকিবা। কিন্তু মনত ৰাখিবা, এবাৰ ব্যৱহাৰ কৰা ৰং তুমি মচিব নোৱাৰা।"
অৰ্পণে ছবি আঁকিবলৈ আৰম্ভ কৰিলে। পুৱাৰ কোমল ৰ’দজাক আঁকিবলৈ তেওঁ উজ্বল হালধীয়া ৰং দিলে। কিন্তু হঠাতে বৰষুণ আহিল। কেনভাচখন তিতি গ’ল, ৰংবোৰ বিয়পি পৰিল। অৰ্পণ হতাশ হ’ল। তেওঁ ভাবিলে ছবিখন নষ্ট হ’ল। কিন্তু তেওঁ থমকি ৰৈ নগল। বিয়পি পৰা ৰংখিনিৰ ওপৰতেই তেওঁ বৰষুণৰ ক’লা ডাৱৰ আৰু ভিজা মাটিৰ এন্ধাৰ ৰং সানি দিলে।
দুপৰীয়া এজনী সৰু ছোৱালীয়ে তেওঁক এটা বনৰীয়া ফুল দিলে। সেই আনন্দৰ মূহূৰ্তটো তেওঁ কেনভাচৰ এচুকত ৰঙা ৰঙৰে ফুট ফুটকৈ আঁকি দিলে। আবেলি ভাগৰ লাগি তেওঁ অলপ জিৰণি ল’লে আৰু কেনভাচখনৰ বাকী থকা খালী ঠাইখিনি নীলা আকাশৰ ৰঙৰে ভৰাই দিলে।
সন্ধিয়া যেতিয়া তেওঁ সাধুজনৰ ওচৰলৈ গ’ল, কেনভাচখনত কোনো নিৰ্দিষ্ট বস্তুৰ ছবি নাছিল। তাত আছিল কিছুমান অবিন্যস্ত ৰং, কিছুমান মচা দাগ আৰু কিছুমান উজ্বল বিন্দু।
অৰ্পণে দুখেৰে ক’লে, "বাবা, মই একো সুন্দৰ ছবি আঁকিব নোৱাৰিলোঁ। বৰষুণে মোৰ ৰংবোৰ নষ্ট কৰি দিলে, ক’ৰবাত এন্ধাৰ হ’ল, ক’ৰবাত দাগ ৰৈ গ’ল।"
সাধুজনে ছবিখনলৈ চাই ক’লে, "এইখনেই হ’ল জীৱন।"
তেওঁ বুজাই দিলে, "জীৱনটো এই খালী কেনভাচখনৰ দৰেই। য’ত তুমি ইচ্ছা কৰিলেও অতীতৰ মচিব নোৱাৰা দাগবোৰ নাইকিয়া কৰিব নোৱাৰা। ইয়াত বৰষুণৰ দৰে দুখ আহিব যিয়ে তোমাৰ পৰিকল্পনাবোৰ লণ্ডভণ্ড কৰি দিব, আকৌ কেতিয়াবা অচিনাকি ছোৱালীজনীৰ দৰে কোনোবাই আহি তোমাক সুখৰ ৰং দি যাব। এই সকলোবোৰ ৰং— ভাল-বেয়া, পোহৰ-এন্ধাৰ— একেলগ হ’লেহে জীৱনৰ ছবিখন সম্পূৰ্ণ হয়।"
অৰ্পণে বুজি পালে যে জীৱন মানে কোনো নিখুঁত ছবি নহয়, বৰঞ্চ প্ৰতিটো মূহূৰ্তক গ্ৰহণ কৰি আগুৱাই যোৱাৰ এক নিৰন্তৰ প্ৰক্ৰিয়াহে।
© মাইনা গাম
