জীৱন ৰং আপোন তুমি
জীৱন ৰং আপোন তুমি
মৰুভূমিত যেনেকৈ এজাক বৃ্ষ্টিৰ গান,
মোৰ ধূসৰ জীৱনত তুমি এটি মিঠা নাম।
ৰঙহীন কিতাপৰ তুমি ৰঙীন এটি পাত,
নিস্তব্ধ ৰাতিবোৰত তুমি এক মৰমী মাত।
কেতিয়াবা যদি মই ভাগৰুৱা পথিক,
তুমি দেখুৱাই দিয়া পোহৰৰ দিশ সঠিক।
হাজাৰজনৰ ভিৰতো তুমি মোৰ আপোন,
মোৰ চকুৰ প্ৰতিটো পলকৰ তুমি নিবিড় সপোন।
তুমি থাকিলেহে পূৰ্ণ হয় মোৰ প্ৰতিটো কবিতা,
তুমি মোৰ হিয়াত অঁকা এক সজীৱ ছবি।
দুখৰ মেঘবোৰ ফালি তুমি সিঁচি দিয়া হাঁহি,
মোৰ উদাস মনত তুমি বাজি উঠা মোহন বাঁহী।
জীৱনৰ সাতোৰঙী ৰামধেনুখন কেৱল তোমাৰ বাবে,
মোৰ মৌনতাৰ ভাষা তুমি বুজি পোৱা অজানিতে।
তুমি মোৰ সাহস, তুমি মোৰ অন্তহীন বিশ্বাস,
মোৰ প্ৰতিটো স্পন্দনত কেৱল তোমাৰেই নিশ্বাস।
©™ মাইনা গাম
