ৰাতিৰ হাহাকাৰ
ৰাতিৰ হাহাকাৰ
আকাশত আজি জোন নাই,
অন্ধকাৰৰ চাদৰখনে হেঁচি ধৰিছে বুকুত।
গিলাচৰ তলিত কঁপিব ধৰিছে মোৰ প্ৰতিচ্ছবি,
য’ত মই নিজকেই চিনি নোপোৱা হৈছো।
মদৰ তীব্ৰ সোৱাদতকৈও তিতা—
তোমাৰ সেই স্মৃতিবোৰ,
যিবোৰে নিদ্ৰাহীন চকুহালত সপোন হৈ নহয়,
কাঁইট হৈ বিন্ধি থাকে।
নিস্তব্ধতাই কিৰিলি পাৰিছে কোঠাটোত,
দেৱালবোৰে যেন সুধিছে মোৰ ঠিকনা।
মাতাল হৈ মই থিয় হ’ব খোজোঁ যদিও,
মোৰ ছাঁটোৱেই আজি মোক এৰি পলাইছে।
একো একোটা নিশা যেন একোটা যুগ,
যি শেষ নহয়, মাথোঁ ক্ষয় কৰে—
মোৰ হৃদয়ৰ শেষ টুকুৰা বিশ্বাসক।
©™ মাইনা গাম
