Breaking News

ৰাতিৰ হাহাকাৰ

 

ৰাতিৰ হাহাকাৰ



আকাশত আজি জোন নাই,

অন্ধকাৰৰ চাদৰখনে হেঁচি ধৰিছে বুকুত।

গিলাচৰ তলিত কঁপিব ধৰিছে মোৰ প্ৰতিচ্ছবি,

য’ত মই নিজকেই চিনি নোপোৱা হৈছো।

​মদৰ তীব্ৰ সোৱাদতকৈও তিতা—

তোমাৰ সেই স্মৃতিবোৰ,

যিবোৰে নিদ্ৰাহীন চকুহালত সপোন হৈ নহয়,

কাঁইট হৈ বিন্ধি থাকে।

​নিস্তব্ধতাই কিৰিলি পাৰিছে কোঠাটোত,

দেৱালবোৰে যেন সুধিছে মোৰ ঠিকনা।

মাতাল হৈ মই থিয় হ’ব খোজোঁ যদিও,

মোৰ ছাঁটোৱেই আজি মোক এৰি পলাইছে।

​একো একোটা নিশা যেন একোটা যুগ,

যি শেষ নহয়, মাথোঁ ক্ষয় কৰে—

মোৰ হৃদয়ৰ শেষ টুকুৰা বিশ্বাসক।


©™ মাইনা গাম