অপেক্ষাৰ শেষত
অপেক্ষাৰ শেষত
আজিও আকাশত মেঘৰ ছাঁ,
বুকুৰ মাজত এটি পুৰণি বিষৰ গীত;
তুমি দি যোৱা সেই আধৰুৱা কথাৰ চাবিকাঠি—
আজিও মোৰ হাতৰ মুঠিত।
সময়বোৰ আগুৱাই যায়,
মাথোঁ থমকি ৰয় মোৰ দুচকুৰ চাৱনি;
যি বাটেৰে তুমি গৈছিলা—
সেই বাটত এতিয়া কেৱল শুকান পাতৰ গুণগুণনি।
মই জানো, তুমি আৰু উভতি নাহা,
মোৰ পৃথিৱী এতিয়া এটি নিসংগ দ্বীপ;
তথাপিও প্ৰতিটো সন্ধিয়া জ্বলাই ৰাখোঁ—
তোমাৰ নামৰ এটি নুমাব খোজা চাকিৰ শিখা।
দুখবোৰ মোৰ আপোন হৈ পৰিল,
অপেক্ষাবোৰ হ’ল এক অভ্যাস;
তুমি অবিহনে মোৰ এই জীয়াই থকাটো—
যেন এক কৰুণ উপহাস।
©™ মাইনা গাম
