তেজৰ ৰঙীন পৃথিৱী
তেজৰ ৰঙীন পৃথিৱী
আকাশত তেতিয়া মেঘ নাছিল,
আছিল কেৱল ধোঁৱা আৰু বাৰুদৰ গোন্ধ;
চহৰৰ আলিয়ে-গলিয়ে চিঞৰবোৰ গোট মাৰিছিল,
শৈশৱবোৰ হেৰাই গৈছিল কোনোবা অজান দেশত।
হিৰোশ্বিমা-নাগাচাকিৰ সেই নিৰ্বাক ক্ষণ,
চকুৰ পচাৰতে ছাঁই হৈ গ’ল হেজাৰ সপোন;
মানুহৰ তেজৰ সোঁতত ধুই গ’ল মানৱতা,
বন্দুকৰ নলীয়ে লিখিলে ধ্বংসৰ কৰুণ বাৰ্তা।
পিতৃহাৰা সন্তানৰ চকুত কিমান যে হাহাকাৰ,
মাকৰ আঁচলত তেতিয়া নিৰাপত্তা নাই;
সীমান্তৰ সিপাৰে কাৰ বাবে এই হুলস্থূল?
য’ত প্ৰাণৰ বিনিময়ত জিকি আহে কেৱল শূন্যতা।
আজিৰ পৃথিৱীয়ে বিচাৰে শান্তিৰ একাঁজলি পোহৰ,
য’ত নাথাকিব কোনো বাংকাৰ বা ক্ৰন্দন;
ৰুগ্ন ইতিহাসৰ পাত লুটিয়াই আমি বুজিলোঁ—
যুদ্ধই কেতিয়াও কাকো নিদিয়ে মুক্তিৰ আলিংগন।
©™ মাইনা গাম
