Breaking News

উকা হৃদয়ৰ শব্দ

 

উকা হৃদয়ৰ শব্দ


যি প্ৰেমত হৃদয় নাথাকে, মাথোঁ থাকে প্ৰয়োজনৰ টান,

তাত প্ৰতিটো শব্দই বুকুত বিন্ধা একোটা তীক্ষ্ণ কাঁড়।

মিছা প্ৰেম কৰাজনে বাৰে বাৰে একেই প্ৰশ্নৰ মায়াজাল মেলে—

"মোক সঁচাকৈ ভাল পোৱা নে? নে এইয়াও এক অভিনয়?"

​নিজৰ মনৰ কাজলৈ চাই তেওঁ আপোনাক সন্দেহ কৰে,

কাৰণ তেওঁৰ পৃথিৱীখনত আৱেগবোৰ বিক্ৰী হয়।

সোধে তেওঁ— "মোক এৰি কাৰোবাৰ কাষলৈ যাবা নেকি?"

অথচ তেওঁৰ ঠিকনাটোত হাজাৰজনৰ অহা-যোৱাৰ চিন ৰয়।

​তেওঁ সোধে— "মোৰ বাবে কি এৰিব পাৰা তুমি?"

যি নিজে এটুপি চকুলোৰ মূল্যও বুজি নাপায়।

আপোনাৰ নিৰৱতাক তেওঁ অহংকাৰ বুলি ভাবে,

আৰু আপোনাৰ সৰলতাক নিজৰ জয় বুলি হাঁহে।

​সেই প্ৰশ্নবোৰত নাথাকে হেৰুওৱাৰ শংকা,

থাকে মাথোঁ নিজক "নিৰ্দোষ" সজাই থোৱাৰ কুটিল বুদ্ধি।

মিছা প্ৰেমৰ সেই মৰ্মান্তিক সুৰত—

প্ৰেম নাথাকে, থাকে মাথোঁ আপোনাক ভাঙি পেলোৱাৰ এক নিৰবেধি যন্ত্ৰণা।

মনত ৰাখিব: যিয়ে সঁচাকৈ ভাল পায়, তেওঁ প্ৰমাণ নিবিচাৰে, বৰঞ্চ আপোনাৰ মৌনতাৰ ভাষাটোহে পঢ়িবলৈ চেষ্টা কৰে।



©™ মাইনা গাম