অভিনয়ৰ সেই একেই প্ৰশ্ন
অভিনয়ৰ সেই একেই প্ৰশ্ন
যি প্ৰেমত হৃদয় নাথাকে, মাথোঁ থাকে স্বাৰ্থৰ খেল,
তাত সঁচা আৱেগৰ সলনি থাকে শব্দৰ বিলাস।
মিছা প্ৰেম কৰাজনে বাৰে বাৰে একেই সুৰত সোধে—
"তুমি মোক সঁচাকৈ ভাল পোৱা জানো?"
তেওঁ সোধে কাৰণ তেওঁৰ নিজৰ ওপৰত বিশ্বাস নাই,
প্ৰতাৰণাৰ পোছাক পিন্ধি তেওঁ মাথোঁ প্ৰমাণ বিচাৰে।
সোধে তেওঁ— "মোক এৰি তুমি ক’ৰবালৈ যাবা নেকি?"
অথচ মনে মনে তেওঁ নিজেই এৰি যোৱাৰ পথ সাজে।
কেতিয়াবা সোধে— "মোৰ বাবে তুমি কি কৰিব পাৰা?"
ত্যাগৰ জোখ লয় তেওঁ, যি নিজে একো দিব নাজানে।
প্ৰশ্নবোৰৰ মাজেৰে তেওঁ মাথোঁ নিজৰ জয় বিচাৰে,
আপোনাৰ চকুলোৰ কাৰণ সোধে, কিন্তু মোহাৰিবলৈ হাত নুজুৰায়।
মিছা প্ৰেমৰ সেই যান্ত্ৰিক প্ৰশ্নবোৰত—
নাথাকে সমৰ্পণৰ সুবাস, নাথাকে হেৰুওৱাৰ ভয়,
থাকে মাথোঁ নিজক শুদ্ধ সজাই থোৱাৰ এক বিফল প্ৰয়াস।
©™-মাইনা গাম
