সাৰ্থক হওক জীৱন যাত্ৰা
সাৰ্থক হওক জীৱন যাত্ৰা
মৃত্যু আহিবই, সেয়া এক ধ্ৰুৱ সত্য
তাক লৈ কিহৰ ইমান ভয়?
তাৰ আগতে জীয়াই থকাৰ প্ৰতিটো পলক
কৰি তোলক কৰ্মৰে জয়।
জীৱন মানে মাথোঁ উশাহৰ অনা-নিয়া নহয়,
জীৱন মানে সংগ্ৰামৰ এক অজেয় দুৰ্গ।
যিয়ে কাইটৰ মাজতো ফুল ফুলাব জানে,
তেওঁৰ বাবে ধৰাতো নামি আহে স্বৰ্গ।
মৃত্যুৱে আমাক সোঁৱৰাই দিয়ে—
সময় হাতত আমাৰ বৰ কম,
আক্ষেপ কৰি বহি থকাতকৈ
হকচোন আমি হেজাৰ বাধাৰ যম।
জীৱনটো যদি এটা চুটি কবিতা হয়,
তাৰ প্ৰতিটো শব্দ হওক সাৰ্থক।
মৃত্যুৰ পাছতো যেন আপোনাৰ কৰ্মই
বিলাই থাকে জ্ঞানৰ আলোক।
যেতিয়া শেষ যাত্ৰাৰ ঘণ্টা বাজিব,
ভয়ত যেন কপি নুঠে আপোনাৰ হিয়া;
বৰঞ্চ গৰ্বৰে ক'ব পাৰে যেন—
"মই মোৰ জীৱনটো ধুনীয়াকৈ জীয়াই দিলোঁ।"
© মাইনা গাম
