ধুমুহাৰ শেষত নিস্তব্ধতা
ধুমুহাৰ শেষত নিস্তব্ধতা
আকাশত আজি জুইৰ খেলা নাই,
আছে মাথোঁ মৰিশালীৰ নিস্তব্ধতা;
জীৱনৰ ধুমুহাই লৈ গ’ল কাঢ়ি,
মোৰ আপোন ঘৰৰ প্ৰতিটো বৰ্ণিল কথা।
ভগা পঁজাটোৰ খুঁটিটোত ধৰি,
এতিয়াও ৰৈ আছোঁ মই অকলশৰীয়া;
বতাহজাকে যেন কাণে কাণে কয়—
"তোৰ সপোনবোৰ যে এতিয়া ভগ্ন পখীৰ চৰিয়া।"
কলিজাৰ মাজেদি বৈ যোৱা ধুমুহাজাক,
বাহিৰৰ বৰষুণতকৈ বহু বেছি চেঁচা;
আন্ধাৰে সুধিছে মোৰ পৰিচয়—
মই জানো সেইজনী, যাৰ হাঁহিবোৰ হ’ল মিছা?
হৃদয়ৰ বৃক্ষজোপাৰ ফুলবোৰ সৰিল,
ৰৈ গ’ল মাথোঁ শুকান ডালৰ যন্ত্ৰণা;
সময়ৰ সোঁতত হেৰাই গ’ল সকলো,
লিখা নহ’ল মোৰ প্ৰাপ্তিৰ শেষৰ কবিতা।
পোহৰ বিচাৰি এতিয়া আৰু হাবাথুৰি নাখাওঁ,
আন্ধাৰৰ সৈতেই পাতিছোঁ এক গোপন মিতিৰালি;
ধুমুহাই শিকাই থৈ গ’ল মোক—
শূন্যতাৰ মাজতো কেনেকৈ থাকিব পাৰি জীয়াই,
হৈ একোটি নিঃকিন চাকিৰ কঁপনি।
©™ মাইনা গাম
