Breaking News

ধুমুহাৰ শেষত নিস্তব্ধতা

 

ধুমুহাৰ শেষত নিস্তব্ধতা



আকাশত আজি জুইৰ খেলা নাই,

আছে মাথোঁ মৰিশালীৰ নিস্তব্ধতা;

জীৱনৰ ধুমুহাই লৈ গ’ল কাঢ়ি,

মোৰ আপোন ঘৰৰ প্ৰতিটো বৰ্ণিল কথা।

​ভগা পঁজাটোৰ খুঁটিটোত ধৰি,

এতিয়াও ৰৈ আছোঁ মই অকলশৰীয়া;

বতাহজাকে যেন কাণে কাণে কয়—

"তোৰ সপোনবোৰ যে এতিয়া ভগ্ন পখীৰ চৰিয়া।"

​কলিজাৰ মাজেদি বৈ যোৱা ধুমুহাজাক,

বাহিৰৰ বৰষুণতকৈ বহু বেছি চেঁচা;

আন্ধাৰে সুধিছে মোৰ পৰিচয়—

মই জানো সেইজনী, যাৰ হাঁহিবোৰ হ’ল মিছা?

​হৃদয়ৰ বৃক্ষজোপাৰ ফুলবোৰ সৰিল,

ৰৈ গ’ল মাথোঁ শুকান ডালৰ যন্ত্ৰণা;

সময়ৰ সোঁতত হেৰাই গ’ল সকলো,

লিখা নহ’ল মোৰ প্ৰাপ্তিৰ শেষৰ কবিতা।

​পোহৰ বিচাৰি এতিয়া আৰু হাবাথুৰি নাখাওঁ,

আন্ধাৰৰ সৈতেই পাতিছোঁ এক গোপন মিতিৰালি;

ধুমুহাই শিকাই থৈ গ’ল মোক—

শূন্যতাৰ মাজতো কেনেকৈ থাকিব পাৰি জীয়াই,

হৈ একোটি নিঃকিন চাকিৰ কঁপনি।


©™ মাইনা গাম